Complaint

  • Asomiya Pratidin Contact Details -
    Jaydur jaman on 2019-07-03 20:57:19

    অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আমি আপোনাৰ দৰে ৰাজনৈতিক নেতা এজন লাভ কৰি গৌৰৱান্বিত। অসমৰ শিক্ষামন্ত্ৰী হিচাবে আপোনাক জনাব খোজো যে আপোনাৰ শিক্ষা বিভাগৰ এখন হাই স্কুলৰ ঠিকাভিত্তিক শিক্ষক হিচাবে ২০১০ চনৰ পৰা এই পৰ্যন্ত শিক্ষাদান কৰি আহিছো। শিক্ষা মন্ত্ৰী মহোদয় আপোনাৰ দৰে জ্ঞানৰ সাগৰৰ গৰাকী হব নোৱৰিলো। পৃথিৱীৰ সকলো ব্যক্তি তো একে হব নোৱাৰে শিক্ষা মন্ত্ৰী মহোদয়। স্নাতক ডিগ্ৰী লাভ কৰি চৰকাৰী বিজ্ঞাপন পায় বেছি আশা নকৰি মাত্ৰ ৮০০০ টকাত সেই পদত যোগদান কৰিলো।মহোদয় কিয় কৰিলোঁ আপুনি নিশ্চয় গম পাইছে। কিন্তু মহোদয় সেই চাকৰিয়ে যে জীৱনতো অস্তিৰ কৰিব কল্পনা কৰা নাছিলো। শিক্ষা মন্ত্ৰী মহোদয় আন স্থায়ী শিক্ষকে যি শিকায় আমিও সেই একেই শিক্ষাও। বৰঞ্চ আমি অধিক উদ্যমেৰে শিকাও। মহোদয় তাৰ পিছতো আমি কিয় চৰকাৰী বৈষম্য, প্ৰতাৰনাৰ স্বীকাৰ হব লগা হৈছে? আপুনিতো সকলো জানে কেবল আপুনি আমাৰ মানসিক যন্ত্ৰনা এবাৰ অনুভৱ কৰক মহোদয়। আমাৰো এটি জীৱন এখন পৰিয়াল আছে শিক্ষা মন্ত্ৰী মহোদয়। আমাক আমাৰ প্ৰাপ্য খিনি দিয়ক শিক্ষা মন্ত্ৰী মহোদয়। নিজে কষ্ট কৰিব পাৰো কিন্তু ৪ -৫ মাহ বিনা বেতনে কাম কৰি ঘৰখন কষ্টত থকাটো চাই চাই সহ্য কৰিব নোৱাৰি শিক্ষা মন্ত্ৰী মহোদয়। আপুনিও নিশ্চয় নোৱাৰে শিক্ষা মন্ত্ৰী মহোদয়। আপোনাৰ বিবেকে এইখিনিও ঢুকি পোৱানাই কিমান কষ্টকৰ মাজত আমি জীয়াই আছো। জীয়াই থকাৰ অধিকাৰ কি আমাৰ নাই। ধৈৰ্যৰ এটা সীমা থাকে। আপুনি কি পৰীক্ষা লব বিচাৰিছে? সদৌশেষত ৰাইজৰ আদালতত ৰজাঘৰীয়াই আমাক কৰি অহা প্ৰৱঞ্চনাৰ বিষয়ে অবগত কৰি আপোনাসৱৰ সহায় বিচাৰিলো আৰু লগতে ইয়াৰ বিৰুদ্ধে মাত মতাৰ আশা ৰাখিলো। মোৰ বিশ্বাস অসমৰ ৰাইজ তথা শুভাকাংশী সকলৰ সহাৰি পাম।
    জায়দুৰ জামান।
    নলবাৰী।