Complaint To Assam Government

  • News Live Assam Contact Number, Office Address, Email & Support - To Assam Government
    Dibyajyoti Boruah Thengal on 2021-05-15 03:37:28

    অসম চৰকাৰলৈ প্ৰশ্ন:-
    ১/ H.S. আৰু H.S.L.C পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টোক কিয় ইমান দিনে বাদ পৰিছে কিয়?
    ২/ শিক্ষা বিভাগে Covid-19 ৰ পৰিস্থিতিক আসোঁৱাহ হিচাপে লৈ উক্ত পৰীক্ষা দুটা অনুষ্ঠিত কৰাত হেমাহি কৰিছে কিয়?
    ৩/ শিক্ষাৰ্থী সকলৰ ইমান দিনৰ অৰ্থাৎ ১০-১২ বছৰে কৰা পৰিশ্ৰম ক কিয় শিক্ষা বিভাগে উপলব্ধি নকৰাকৈ তেওঁলোকৰ মন হতাশ আৰু নিৰাশাগ্ৰস্ত কৰি তুলিছে আৰু তেওঁলোক আজি দুমোজাত থাকি দিন কটাব লগীয়া হৈছে কিয়? যাৰ ফলত আমাৰ সমাজখন বহু কেইবছৰমান পিছুৱাই যাব লগীয়া হ'ব।
    ৪/ শিক্ষাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা মূল্যাংকন নকৰাকৈ তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰিব বিচাৰে নেকি?
    ৫/ ৰাজনৈতিক ক্ষেত্ৰখনত যি দৰে নেতা-গত অৰ্হতা বিচাৰ কৰিব পাৰিছে কিন্তু কিহৰ অভাৱত ক'ভিড প্ৰটকল মানি হ'লেও শিক্ষাৰ্থী সকলক শিক্ষাগত অৰ্হতা বিচাৰ কৰিব নোৱাৰে কিয়?
    ৬/ শিক্ষা বিভাগটো আৰু ইয়াৰ মূৰব্বী সকল একোটা নিস্ক্ৰিয় যন্ত্ৰ নেকি?
    ৭/ "শিক্ষা" সমাজ জীৱনত মূল্যহীন নেকি আৰু গুৰুত্বপূৰ্ণ নহয় নেকি?
    ৮/শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষা-গুৰু সকলৰ মূল্যবান "সময়" বোৰ অপব্যৱহাৰ কৰাইছে কিয়? কাৰণ "সময়" আমাৰ সকলোৰে "অমূল্য" সম্পদ। আৰু তেওঁলোকৰ মনত যি আশা-আকাংক্ষা থাকে তাক চেঁচা পানীত ঢালি ধূলিছ্যাৎ কৰিব বিচাৰে নেকি?
    ৯/ CBSE ৰ দৰে SEBA ই উচিত সিদ্ধান্ত ল'ব নোৱাৰে কিয়?
    ১০/ যদি ভেকচিন ললে কৰুণাত সহজে আক্ৰান্ত নহয়, তেনেহলে প্ৰথমতেই সকলো শিক্ষাৰ্থীকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰা নাই কিয়?
    ১১/ শিক্ষাৰ্থী সকলৰ ভবিষ্যত জীৱন অন্ধকাৰলৈ নিব বিচাৰিছে নেকি?
    ----------------------------------------
    -সদৌ শেষত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগৰ মূৰব্বী লৈ অনুৰোধ থাকিল যে অতিশিঘ্ৰে উক্ত পৰীক্ষা দুটা অনুষ্ঠিত কৰক নাইবা বাতিল কৰি তেওঁলোকৰ ভবিষ্যত সুনিৰ্দিষ্ট কৰক নাইবা তাৎক্ষণিকভাবে উচিত সিদ্ধান্ত দিয়ক।
    -ইতি,
    সমূহ শিক্ষাৰ্থী হৈ-
    শ্ৰী দিব্যজ্যোতি ঠেঙাল
    বৰপথাৰ, গোলাঘাট
    6001709186